Bhabani Books Pvt. Ltd.

Sampratik Samayikee, a meticulously compiled collection of Assamese monthly magazines published in 70’s, is now available in three volumes

Sampratik Samayikee, a meticulously compiled collection of Assamese monthly magazines published in 70’s, is now available in three volumes. Originally edited by Sri Nitya Borah, this timeless anthology has been thoughtfully compiled and edited by Dr. Paramananda Majumdar and Nitya Borah. Published by Bhabani Books Pvt. Ltd., the volumes showcase a rich tapestry of socio-political, cultural, and literary reflections of 1970,s in Assam. Launched on November 24, 2024, at the Vivekananda Kendra Institute of Culture, this remarkable work captures the essence of then Assamese thought, offering readers a profound understanding of the region’s intellectual and cultural journey.

যোৱা শতিকাৰ সত্তৰ আৰু আশীৰ দশকত অসমৰ সাহিত্য-সংস্কৃতি-বৌদ্ধিক জগতক নতুন চিন্তা-চেতনাৰে উদ্দীপ্ত আৰু সমৃদ্ধ কৰা ‘সাম্প্ৰতিক সাময়িকী’ৰ সকলো সংখ্যা এতিয়া তিনিটা খণ্ডত সংকলিত হৈছে। এই একত্ৰ সংকলনটি সম্পাদনা কৰিছে ‘সাম্প্ৰতিক সাময়িকী’ৰ সম্পাদক নিত্য বৰা আৰু ডঃ পৰমানন্দ মজুমদাৰে । অসমৰ বিশিষ্ট প্ৰকাশন গোষ্ঠী ‘ভৱানী বুকছে প্ৰকাশ কৰা এই গুৰুত্বপূৰ্ণ সংকলনটি যোৱা ২৪ নবেম্বৰ, ২০২৪ ত গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত অসমৰ ভালেসংখ্যক সাহিত্যিক, শিল্পী, বুদ্ধিজীৱী আৰু সমাজকৰ্মীৰ উপস্থিতিত ডঃ হীৰেন গোহাঁইয়ে মুকলি কৰে। ইন্দিৰা গান্ধীৰ জৰুৰীকালীন সময়ৰপৰা অসম আন্দোলনলৈ – দেশ তথা অসমৰ ইতিহাসৰ এছোৱা জটিল সময় সামৰি লোৱা ‘সাম্প্ৰতিক সাময়িকী’ৰ এই পুনৰ্প্ৰকাশে আমাৰ সাংস্কৃতিক আৰু বৌদ্ধিক ইতিহাসক নতুনকৈ চোৱাৰ সুযোগ দিব ।