📚 এজন সত্যাগ্ৰহীৰ ৰাজনীতি গোপীনাথ বৰদলৈ আৰু আসাম তেতিয়া আৰু এতিয়া
✍️ ড০ নিৰোদ কুমাৰ বৰুৱা
গোপীনাথ বৰদলৈয়ে অসম আৰু ভাৰতবৰ্ষলৈ আগ বঢ়োৱা অৱদান আৰু এই সন্দৰ্ভত ঐতিহাসিক ঘটনাৱলীক অসমৰ নতুন-পুৰণি অনুসন্ধিৎসু প্ৰজন্মৰ দৃষ্টিগোচৰ কৰিবলৈ নিৰোদ বৰুৱাই যথাৰ্থতে এক বলিষ্ঠ সত্য অন্বেষণকাৰী ভূমিকা পালন কৰিছে৷ এই গ্ৰন্থৰ পাদটীকাবোৰে আৰু তথ্যৰ উৎস নিৰ্দেশনাই থিতাতে দেখুৱাই দিব কি বিস্তৃত আৰু বৈচিত্ৰ্যময় উৎসৰপৰা এই পুথিৰ মূল তথ্যবোৰ আহৰণ কৰা হৈছে৷ চৰকাৰী-বেচৰকাৰী মহাফেজখানা আৰু ৰেকৰ্ড অফিচ; আৰক্ষী আৰু চোৰাংচোৱা বিভাগৰ গোপন প্ৰতিবেদন, সমসাময়িক সংবাদ-পত্ৰ, বিধানসভাৰ বিতৰ্ক, গণ পৰিবদৰ যুক্তি-তৰ্ক আৰু বিচাৰ ব্যৱস্থা, বৰদলৈৰ কালৰ বিশিষ্ট ব্যক্তিসকলৰ লগত হোৱা সাক্ষাৎকাৰ, গান্ধীজী, নেহৰু, পেটেল, ৰাজেন্দ্ৰ প্ৰসাদ, আজাদ, সুভাষচন্দ্ৰ বোস, ৰাজাগোপালাচাৰী, আকবৰ হাইদেৰী, শ্ৰীপ্ৰকাশ আদি কেন্দ্ৰীয় নেতাৰ লগত গুৰুত্বপূৰ্ণ বিষয়ক লৈ বৰদলৈৰ পত্ৰ যোগাযোগ ইত্যাদি৷ আনকি বাহিৰত থাকিও বৰ্তমান কালৰ অসমত প্ৰতিদিনে ঘটি থকা ঘটনাও গৱেষক বৰুৱাৰ বিচাৰৰ বাজত নাই, কাৰণ তেওঁৰ মানত তেতিয়াৰ বৰদলৈৰ ৰাজনৈতিক দূৰদৰ্শিতা, অবিচল বিপদ-সজাগতা আৰু তৎপৰ কৰ্মব্যৱস্থাইহে এতিয়াৰ অসমকো ৰক্ষা কৰিব পাৰে– যদিহে কিহবাই পাৰে৷ মুঠৰ ওপৰত, নিৰোদ বৰুৱাৰ এই পুথিত স্বাধীনতা-পূৰ্ব আৰু স্বাধীনতা-উত্তৰ অসম সম্পৰ্কে যিবোৰ গুৰুত্বপূৰ্ণ নতুন তথ্য পোহৰলৈ আহিছে, সেইবোৰ এই গ্ৰন্থৰ অবিহনে সৰ্বকাললৈ আন্ধাৰতে ডুব গৈ থাকিলহেঁতেন৷ ইতিহাসৰ ছাত্ৰ তথা গৱেষকৰ উপৰি সমাজ আৰু ৰাজনীতি-সচেতন আগ্ৰহী পঢ়ুৱৈসকলেও এই কিতাপৰ জৰিয়তে আধুনিক অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ জ্ঞান লাভ কৰিব। প্রায় ডেৰ দশকৰ পাছত প্রকাশ পাইছে নতুন আৰু পৰিবৰ্দ্ধিত এই ভৱানী সংস্কৰণ।